নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱত বিশেষ সমাদৰ লাভ কৰিছে অসমীয়া গামোচাই - hornbill festival video

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:36 PM IST

যোৰহাট, 8 ডিচেম্বৰ: নাগালেণ্ডৰ কিছামা নগা ঐতিহ্য গাঁৱত হৈ থকা হৰ্ণবিল মহোৎসৱৰ নৱম দিনাও বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ আকৰ্ষণীয় নৃত্যত জীপাল হৈ পৰিল উৎসৱথলী ৷ লগতে বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্যসম্ভাৰৰো সমাহাৰ ঘটে হৰ্ণবিল মহোৎসৱত । পাহৰীয়া ৰাজ্যখনত হৈ থকা কিনকিনিয়া বৰষুণৰ মাজতো হৰ্ণবিল মহোৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ জনসমাগম দেখিবলৈ পোৱা গ'ল ।

শুকুৰবাৰে মহোৎসৱথলীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই অংশগ্ৰহণ কৰি খাদ্যাভাসৰ জুতি লয় । মহোৎসৱথলীত উত্তৰ-পূৱৰ কৃষ্টি-সংস্কৃতি বহন কৰা বহু বিপণি আৰু পৰম্পৰাগত খাদ্য তথা জনগোষ্ঠীয় পানীয়ৰ বিপণিত দেশ-বিদেশৰ পৰা অহা লোকসকলে ভিৰ কৰে ।  

আনহাতে হৰ্ণবিল মহোৎসৱথলীত অসমৰ এখন বিপণিয়ে বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে ৷ কাৰণ উক্ত বিপণিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা অসমীয়াৰ স্বাভিমান গামোচা উপলব্ধ হৈছে ।  দেশী-বিদেশী পৰ্যটকৰ মিলনস্থলীত পৰিণত হোৱা হৰ্ণবিল মহোৎসৱত জাৰ্মানী, ফ্ৰান্স, জাপান, ইণ্ডোনেছিয়া, আমেৰিকা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, কলম্বিয়া, পোলেণ্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰ পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে ।  

পাহৰীয়া ৰাজ্য নগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোক-কৃষ্টিৰ নৃত্য-গীত একেসময়তে বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আছে । নগা জনগোষ্ঠীৰ নৃত্যৰ তালে-তালে বিদেশী পৰ্যটক আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা পৰ্যটকে হাতে হাত ধৰি ইয়াৰ মাদকতা উপভোগ কৰিছে । পাহাৰীয়া ৰাজ্যখনৰ এটা পিছত আন এটা খাদ্যাভ্যাসৰ জুতি লৈছে বিশ্বৰ নাগৰিকসকলে । নিশা অনুষ্ঠিত হোৱা সংস্কৃতিক সন্ধিয়াত নামী-দামী তাৰকাৰো সমাহাৰ ঘটিছে ৷

লগতে পঢ়ক: নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱত প্ৰদৰ্শন কৰা হ’ল অসমৰ বিহু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.