বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ উত্তম ভৰালী
🎬 Watch Now: Feature Video
ধেমাজি, 19 ডিচেম্বৰ : অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন হোৱাৰ খবৰ নতুন নহয় । বহিঃৰাজ্যত সঘনে সংঘটিত হ’ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা । বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ পুনৰ এজন চিলাপথাৰৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চিলাপথাৰ সমবায় গাঁৱৰ যুৱক উত্তম ভৰালী নামৰ 22 বছৰীয়া যুৱকজনে যোৱা ব’হাগ মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিচতে একে মাহতে কৰ্মসংস্থাপন বিচাৰি চিমেনচাপৰি মাছখোৱা গাঁৱৰ ৰঞ্জিত বৰা নামৰ যুৱকজনৰ লগত তামিলনাডুলৈ যায় ।
তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ কয়ম্বটোৰৰ ওচৰৰ ভেংগাডোৰ নামৰ ঠাইত ইউনিটেক নামৰ কোম্পানীৰ শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল উত্তম ।
যোৱা শনিবাৰে তেওঁৰ পেটৰ বিষ হোৱাত পুৱাই চিকিৎসালয়লৈ বুলি ওলাই যায় । তাৰ পিচৰে পৰা যুৱকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকৰ লগতে তেওঁৰ লগত থকা লগৰীয়াসকলে । সেই সন্দৰ্ভত তেওঁৰ লগত সহবাস কৰা লগৰীয়া কেইজনে তামিলনাডুৰ শ্ৰীপেৰুমবাদুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই ।
আনহাতে, যুৱকজনৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যুৱকজনক বিচাৰি উলিয়াবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট উত্তমৰ মাতৃ আৰু পত্নীয়ে । যদি কোনো লোকে উত্তমক দেখা পায় তেন্তে পৰিয়ালৰ 6901581866 নম্বৰত খবৰ দিবলৈ ৰাইজলৈ আহ্বান জনাইছে আত্মীয়ই ।
লগতে পঢ়ক : পীযুষ হাজৰীকাৰ মতে কাজিৰঙাত বিজেপি মিত্ৰজোঁট জিকিব