Moral police Incident: অৰুণাচলত হাত-ভৰি বান্ধি অসমৰ যুৱকক নিৰ্মম প্ৰহাৰ - অসমৰ যুৱকক বহিঃৰাজ্যত নিৰ্মম প্ৰহাৰ
🎬 Watch Now: Feature Video
জোনাই, ৮ জুন: পুনৰ অসমৰ যুৱকক বহিঃৰাজ্যত নিৰ্মম প্ৰহাৰ ৷ অৰুণাচল প্ৰদেশৰ পাচিঘাটত অসমৰ যুৱকৰ ওপৰত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে (Moral police Incident)। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পলাশকান্দি গাঁৱৰ আচান আলীৰ পুত্ৰ আব্দুৰ ৰেজ্জাকে কিছুদিন পূৰ্বে কাম বিচাৰি অৰুণাচল প্ৰদেশলৈ গৈছিল (Assam youth brutally beaten up)।
বৃহস্পতিবাৰে আব্দুৰে কাম কৰি ঘৰলৈ উভতি অহাৰ সময়ত পাচিঘাটত সামান্য গাড়ী ভাড়াক কেন্দ্ৰ কৰি একাংশ অৰুণাচলী যুৱকে হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে আব্দুৰক । এই সমগ্ৰ ঘটনা মোবাইলত কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে ৷
ইফালে ভিডিঅ’টো যুৱকজনৰ ঘৰৰ মানুহৰ প্ৰত্যক্ষ কৰাৰ পিচতেই ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । কান্দোনত ভাঙি পৰে নিৰ্যাতনৰ বলি হোৱা যুৱকজনৰ মাতৃৰ লগতে আত্মীয়ই । যুৱকজনক সেই স্থানৰ পৰা উদ্ধাৰৰ বাবে অসম আৰক্ষীক দাবী জনায় আত্মীয়ই ।
উল্লেখ্য যে, অসমত কোনো কৰ্মসংস্থাপন নাপাই পেটৰ তাড়নাত বহিঃৰাজ্য লৈ কাম বিচাৰি গৈ বাৰে বাৰে নিৰ্যাতনৰ বলি হ’ব লগা হৈছে একাংশ নিৰীহ যুৱক। এই ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ স্থায়ী সমস্যা সমাধনৰ বাবে আহ্বান জনায় আব্দুৰৰ আত্মীয়ই ।