Fat and Alcoholic police: চলিত বৰ্ষতেই বিদায় দিয়া হ’ব শকত তথা সুৰাপায়ী পুলিচক

By

Published : May 8, 2023, 8:09 PM IST

thumbnail

গুৱাহাটী, 8 মে’: কিছুদিনৰ পাচতে আপুনি অসম আৰক্ষীত দেখিবলৈ নাপাব মেদবহুল আৰু সুৰাপায়ী বুলি বিভিন্ন মাধ্যমত চৰ্চিত হোৱা আৰক্ষী বিষয়া-জোৱান ৷ কাৰণ ইতিমধ্যেই অসম আৰক্ষীয়ে সাজু কৰি তুলিছে 680 জনীয়া মেদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ তালিকা ৷  মেদবহুল আৰু সুৰাপায়ী এইসকল আৰক্ষীয়ে নিজকে সংশোধন নকৰিলে চাকৰিৰ পৰা ল’ব লাগিব স্বেচ্ছামূলক অব্যাহতি (VRS to fat and alcoholic police) ৷  

সোমবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালত সংবাদমেল সম্বোধন কৰি পুনৰবাৰ এই কথা দোহাৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (DGP GP Singh) ৷ তেওঁ কয়, ‘‘মেদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ 680 জনীয়া এখন তালিকা প্ৰস্তুত কৰা হৈছে ৷ এই তালিকাখন ভেৰিফিকেশ্যন পৰ্যায়ত আছে ৷ তালিকাখনত আছে শীৰ্ষ বিষয়াৰ পৰা কনিষ্টবলৈকে নাম ৷ চলিত বৰ্ষৰ শেষৰ ফালে মদবহুল আৰু সুৰাপায়ী আৰক্ষীৰ স্বেচ্ছামূলক অব্যাহতি দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব (List of fat and alcoholic Assam police)৷’’

উল্লেখ্য যে, স্মাৰ্ট পুলিচিঙৰ জড়িয়তে সক্ৰিয় আৰু জনমুখী হোৱাৰ লগতে দ্ৰুত গতিৰে অপৰাধৰ সৈতে মোকাবিলাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ গৃহ বিভাগে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে । তাৰেই অংশ স্বৰূপে শকত, সুৰাপায়ী বিষয়া-জোৱানক চাকৰিৰ পৰা বিদায় জনাব অসম চৰকাৰে ৷ অৱশ্যে চাকৰিৰ পৰা অব্যাহতি পালেও লাভ কৰিব নিয়মিত দৰমহা ৷  

লগতে পঢ়ত: CM needs Smart police: শকত তথা দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে হেৰুৱাব পাৰে চাকৰি; মুখ্যমন্ত্ৰীৰ হাতত 250 জনীয়া তালিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.