ETV Bharat / state

মোবাইল নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ? - STUDENT MISSING

আপোনাৰ সন্তানৰো আছে নেকি মোবাইলৰ প্ৰতি আসক্তি ? ম'বাইল নিদিলে আপোনাৰ সন্তানে নাখায় নেকি ভাত, নুশুনে নেকি আপোনাৰ কোনো কথা ? চাওক প্ৰতিবেদন ।

A student allegedly went missing because his parents did not give a mobile phone in Dhing
ম'বাইল ফোন নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 7:46 PM IST

ধিং: আজিৰ এই প্ৰযুক্তিৰ যুগত সন্তানে বুজা হোৱাৰ পৰাই যেন বিচাৰে মোবাইল । তেন্তে আৰম্ভণিৰ পৰাই সতৰ্ক হ'বৰ হ'ল তেনে প্ৰতিগৰাকী অভিভাৱকৰ । কাৰণ অত্যধিক মোবাইলৰ ব্যৱহাৰ ক্ষতিকাৰক হ'ব পাৰে প্ৰতিগৰাকী সন্তানৰ বাবে । অত্যধিক মোবাইলৰ ব্যৱহাৰ অথবা মোবাইল গেম খেলি বহু শিশু মানসিক ৰোগতো আক্ৰান্ত হোৱাৰ বাতৰি প্ৰায়েই প্ৰকাশ পাই আহিছে ।

মোবাইল নিদিয়াৰ বাবে সন্তানে অভিভাৱকৰ কথা নুশুনাটোও কোনো নতুন কথা নহয় । কিন্তু এইবাৰ এইখন অসমতেই মোবাইল নিদিয়াৰ বাবেই সন্তানে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে । মোবাইল নিদিয়াৰ বাবেই ঘৰ এৰি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ অভিযোগ উত্থাপন কৰে অভিভাৱকে । ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰীত ।

ম'বাইল ফোন নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ? (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম আছাদ হুছেইন । পিতৃ জাকিৰ হুছেইন, ঘৰ মৈৰাবাৰীৰ সূতাৰ গাঁৱত । এটা মোবাইল ফোনৰ বাবে অষ্টম শ্রেণীৰ ছাত্রজনে ঘৰ এৰি পলায়ন কৰা বুলি অভিভাৱকে কৰা অভিযোগে চিন্তিত কৰি তুলিছে সচেতন মহলক । সূতাৰগাঁও পাব্লিক হাইস্কুলৰ ছাত্ৰজনৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ।

পৰিয়ালৰ লোকে জনোৱা মতে, অষ্টম শ্রেণীৰ ছাত্রজনে পিতৃ-মাতৃক বিচাৰিছিল এটা এণ্ড্ৰইড ম'বাইল ফোন । বিচৰা ম'বাইল ফোন ছাত্ৰগৰাকীক পিতৃ-মাতৃয়ে নিদিয়াৰ পিছতেই ঘৰ এৰি পলায়ন কৰাত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত । চাৰি দিনে নিৰুদ্দেশ হৈ থকা একমাত্ৰ পুত্রক বিভিন্ন ঠাইত বিচাৰি নাপাই ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে এতিয়া সংবাদ মাধ্যমৰ ।

লগতে পঢ়ক: এইবাৰ ৰুদ্ৰাক্ষ থিয়েটাৰ ! খঙে-ক্ষোভে-অপমানে থানাত উপস্থিত আয়োজক সমিতি - COMPLAINT AGAINST RUDRAKSHA THEATRE

কথাটো মন কৰিছেনে ? কমি আহিছে বাটৰুৱা কুকুৰবোৰ - OWNERLESS DOG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.