thumbnail

অসম চৰকাৰৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:06 PM IST

বৰপেটা, 18 ডিচেম্বৰ : সোমবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত কৰা হৈছে ৰাজ্যৰ সাংস্কৃতিক প্ৰতিভাসমূহক এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্য চলি থকা সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি ভিত্তিক প্ৰতিযোগিতা । বৰপেটা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতা আজি অৰ্থাৎ সোমবাৰে উদ্বোধন কৰে বৰপেটাৰ উপায়ুক্ত আয়ুষ গৰ্গে । ইয়াৰ পাচতে অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলে ভাষণ প্ৰদান কৰে ।

এই সমষ্টি ভিত্তিক প্ৰতিযোগিতাৰ বিভিন্ন শিতানত বহু কেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভা স‌গীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । মঙলবাৰে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ লগতে বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ।

এই আয়োজনৰ সন্দৰ্ভত বৰেপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত লখিমী দত্তই কয়, ‘‘গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত বৰপেটা জিলাত 6 হাজাৰৰো অধিক প্ৰতিযোগীয়ে সাংস্কৃতিক মহাসংগ্ৰামৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈছে । তাৰ সফলতা অৰ্জন কৰা সকলৰ মাজত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । ইয়াৰ পাচত জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব’’ ।

উল্লেখ্য যে, সোমবাৰে আয়োজিত সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ বিজেপি দলৰ সম্পাদিকা নিপামণি কলিতা, সম্পাদক হেমন্ত দেউৰী, বৰপেটা খণ্ড উন্নয়ন বিষয়া গৌতম লাল মজুমদাৰ আৰু বৰপেটাৰ কেবাগৰাকীও সংগীত শিল্পী ।

লগতে পঢ়ক : বিৰোধী হিচাপে কংগ্ৰেছৰ কোনো সমষ্টিতে অস্তিত্ব নাই : জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.