thumbnail

By

Published : Oct 27, 2022, 7:46 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Assam Sahitya Sabha Election : সভাপতি পদৰ মনোনয়ন দাখিলৰ বাবে ৰাওনা প্ৰহ্লাদ তাছা

আজি অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) সভাপতি পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ দ্বিতীয় তথা অন্তিমটো দিন (Assam Sahitya Sabha election 2022) । আজি মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িছে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছা । অৱশ্যে যদিও তেওঁ ডিব্ৰুগড়ৰ বাসিন্দা, মনোনয়ন দাখিলৰ বাবে ৰহাৰ পৰাই দলে-বলে আগবাঢ়িছে প্ৰাৰ্থীগৰাকী (Assam Sahitya Sabha President election) । অসম সাহিত্য সভাৰ ৰহা শাখাৰ সকলো সদস্যই শুভকামনা জ্ঞাপন কৰে প্ৰহ্লাদ তাছাক । বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভাই তাছাক গামোচাৰে সম্বৰ্ধনা জনায় । আগন্তুক দিনত অসমীয়া ভাষালৈ অহা সংকটৰ বিৰুদ্ধে অগ্ৰাধিকাৰ ভিত্তিত অসমীয়া ভাষাৰ মৰ্যাদা, গৰিমা ৰক্ষা কৰি যাব বুলি মন্তব্য কৰে । লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাক লৈ শীঘ্ৰে কেন্দ্ৰীয় সমিতিৰ সৈতে বৈঠকত মিলিত হৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে তাছাই ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.