গুলীবিদ্ধ যুৱকৰ বাসগৃহত প্ৰদেশ কংগ্ৰেছৰ সজাতি দল - এনকাউণ্টাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-12-2023/640-480-20378683-thumbnail-16x9-encounter-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 28, 2023, 9:19 PM IST
তিনিচুকীয়া, ২৮ ডিচেম্বৰ : ৰাজ্যত এতিয়া এনকাউণ্টাৰৰ ঢৌ ৷ কোনোবা আছে সপক্ষে, কোনোবা আছে বিপক্ষে ৷ জীয়াতু ভুগিছে কিন্তু পৰিয়ালবোৰেহে ৷ শদিয়াৰ তিনি গুলীবিদ্ধ যুৱকৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধি দল । অসম প্ৰদেশ কমিটীৰ তিনিচুকীয়া জিলাৰ তত্বাৱধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অবিনাশ গগৈৰ নেতৃত্বত যোৱা দলটিয়ে তিনিওটা পৰিয়ালৰ সৈতে মত বিনিময় কৰি সমগ্ৰ ঘটনাৰ বুজ লয় আৰু এই ঘটনাক সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত বুলি আখ্যা দিয়ে ৷
অবিনাশ গগৈয়ে লগতে কয় যে, অসম প্ৰদেশ কংগ্রেছে এইক্ষেত্ৰত পৰিয়ালকেইটালৈ ন্যায়িক যুঁজত সহায় আগবঢ়াব ৷ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ তেওঁলোকে দাবী জনায় । উল্লেখ্য যে, মঙলবাৰে অসম জাতীয় পৰিষদৰ সম্পাদক উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত এটি দলে তিনিওটা পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল ৷
লগতে পঢ়ক : এনকাউণ্টাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া