Constituency delimitation: NRC উন্নীতকৰণ নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নালাগে; লুৰীণজ্যোতি গগৈ

By

Published : Jul 20, 2023, 10:21 PM IST

thumbnail

গুৱাহাটী, 20 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ গুৱাহাটীত নিৰ্বাচন আয়োগে গ্ৰহণ কৰি আছে শুনানি ৷ বৃহস্পতিবাৰে বিয়লি 3.30 বজাৰ পৰা আয়োগে ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰে ৷  

আয়োগৰ সন্মুখত নিজৰ দাবী উত্থাপন কৰি বিৰোধী ঐক্য মঞ্চ, অসমৰ তৰফৰ পৰা মঞ্চৰ সাধাৰণ ‌সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আমি সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছো । সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ শাসকীয় দলে অপ্ৰচাৰ কৰি আছে । চৰকাৰৰ এই ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ কৰা অভিযোগ কৰিছো । চৰকাৰৰ এই অপ্ৰচাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ।’’

চৰকাৰে সাম্প্ৰদায়িক মেৰুকৰণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত আয়োগৰ হস্তক্ষেপ দাবী কৰা বুলিও মন্তব্য কৰে গগৈয়ে ৷ তেওঁ আৰু কয় যে এন আৰ চি (NRC) উন্নীতকৰণ নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব নালাগে ৷ ২০২৬ চনলৈ অপেক্ষা কৰিব লাগে ৷ গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিব লাগে ৷  

তেওঁ লগতে কয়, ‘‘অসমৰ মানুহৰ ৰাজনৈতিক সুৰক্ষা মুখ্য কথা । মুখ্যমন্ত্ৰীয়ে নিজৰ সাম্প্ৰদায়িক এজেণ্ডা শক্তিশালী কৰাৰ বাবে এইধৰণৰ কাম- কাজ কৰি আছে ৷’’

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিজেপি-আৰএছএছৰ শ্ৰুতলিপি মতে কৰা হৈছে; এআইইউডিএফ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.