Coupon inside cement bag : এবস্তা চিমেন্টে ভাগ্য সলনি কৰিলে মাণিকপুৰৰ এজন ব্যক্তিৰ - Assam man got Rs 1 lakh coupon

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 1, 2023, 9:55 AM IST

বঙাইগাঁও, 1 মে’: চিমেণ্ট ক্ৰয় কৰি লাখপতি হ’ল মাণিকপুৰৰ এজন ব্যক্তি ৷ চিমেণ্টৰ বস্তা ক্ৰয় কৰি লাভ কৰিলে এক লাখ টকা ৷  বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিৰ এজন লোকে ব্লেক টাইগাৰ চিমেন্ট ক্ৰয় কৰি লাভ কৰিলে এই টকা ৷ আলাউদ্দিন নামৰ গ্ৰাহক এজনে KH ENTERPRISE নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ব্লেক টাইগাৰ নামৰ চিমেন্ট ক্ৰয় কৰাৰ পিচত চিমেন্টৰ বস্তাৰ ভিতৰত এটা এক লাখ টকাৰ কুপন লাভ কৰে (Man Earned One Lakh Rupees by Buying Cement) ৷  

এই কথা ব্লেক টাইগাৰ চিমেণ্টৰ স্থানীয় প্ৰতিনিধিক জনোৱাত শনিবাৰে ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ কৰ্তৃপক্ষ উপস্থিত হৈ কুপন লাভ কৰা আলাউদ্দিনক এক লাখ টকাৰ চেক প্ৰদান কৰে ৷ এনেদৰে এক লাখ টকাৰ  চেক লাভ কৰি উৎফুল্লিত হৈ পৰে গ্ৰাহক আলাউদ্দিন (Man Received One Lakh Rupees by Buying Cement) ৷

লগতে পঢ়ক: Burhi Dihing River: বুঢ়ীদিহিং নদীত বৰশী টোপাবলৈ গৈ সন্ধানহীন এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.