thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:07 PM IST

Updated : Sep 6, 2023, 5:16 PM IST

ETV Bharat / Videos

Electricity Price Hike: ডিচেম্বৰ মাহলৈকে ৰাজ্যত নাটনি হ’ব বিদ্যুৎ; মুখ্যমন্ত্ৰী

নলবাৰী, 6 ছেপ্টেম্বৰ: ৰাজ্যত ব্যাপক হাৰত নাটনি হৈছে বিদ্যুতৰ ৷ এই কথা স্বীকাৰ কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ৰাজ্যত 1800 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হৈছিল ৷ কিন্তু এই বৰ্ষত 2500 মেগাৱাট বিদ্যুৎ প্ৰয়োজন হৈছে ৷ লোডশ্বেডিঙৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান প্ৰতি ইউনিট বিদ্যুৎ 10 টকাকৈ ক্ৰয় কৰিছে চৰকাৰে ৷ যাৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি নকৰিলে নিয়মীয়াকৈ বিদ্যুৎ পোৱাটো অসম্ভৱ হৈ পৰিব ৷  

তেওঁ লগতে সদৰী কৰে যে নামনি সোৱণশিৰি, উত্তৰ প্ৰদেশৰ লগতে আন কেইবাটাও প্ৰকল্পৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে ৷ অহা ডিচেম্বৰ মাহৰ পৰা অসমত অধিক 1 হেজাৰ মেগাৱাট বিদ্যুৎ উপলব্ধ হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷ আনহাতে এই বিদ্যুৎ কম দামত উপলব্ধ হ’ব ৷ উদ্যোগীকৰণৰ বাবে বিদ্যুতৰ চাহিদা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি বিকাশ হ’লে কিছু সমস্যা হয় বুলি তেওঁ সদৰী কৰে ৷  

লগতে পঢ়ক: MPLAD Fund: চৈধ্যগৰাকী সাংসদে তিনি বছৰত ব্যয় কৰিব নোৱাৰিলে সমষ্টি উন্নয়নৰ এশ কোটি টকা

Last Updated : Sep 6, 2023, 5:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.