thumbnail

By

Published : May 3, 2023, 2:16 PM IST

Updated : May 3, 2023, 3:56 PM IST

ETV Bharat / Videos

Assam govt grade 3 results: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 11,324 গৰাকী প্ৰাৰ্থী; 11 মে’ত পাব নিযুক্তি পত্ৰ

গুৱাহাটী, 3 মে': ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ উৎকণ্ঠাৰ অন্ত পেলাই বুধবাৰে দিনৰ 2 বজাত ঘোষণা কৰা হ’ল অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ৷ এই সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে তৃতীয় বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ অধ্যক্ষ আশীষ কুমাৰ ভূটানীয়ে (Grade 3 recruitment result)। 

সংবাদমেলত ৰাজ্য চৰকাৰৰ 47 টা বিভাগৰ তৃতীয় বৰ্গৰ বাবে অনুষ্ঠিত হোৱা 11,510 টা পদত 11,324 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে বুলি তথ্য সদৰী কৰে ভূটানীয়ে । বুধবাৰে দিনৰ 2 বজাত ছেবা আৰু অসম চৰকাৰৰ ৱেবচাইট যোগে পৰীক্ষা ফলাফলসমূহ ঘোষণা কৰা হৈছে (Assam govt grade 3 results) । 

ছেবাৰ ৱেবচাইট www.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবচাইট https://assam.gov.in যোগে প্ৰাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু পাচৱাৰ্ডৰ জৰিয়তে ফলাফল চাব পাৰিব । তেওঁ কয় যে তৃতীয় বৰ্গৰ 11,510  টা পদৰ বাবে ছেবাই অনুষ্ঠিত কৰা পৰীক্ষাত 921634 খন আবেদন লাভ কৰা হৈছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল 828860 গৰাকী প্ৰাৰ্থী । তিনিটা বিভাগৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত স্কীল টেষ্ট অনুষ্ঠিত হৈছিল (PC by State Level Recruitment Commission)।

দুয়োটা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয় । সংবাদমেলখনত আয়োগৰ সচিব মনোজ কুমাৰ চৌধুৰী, সদস্য পবিত্র ৰাম খাউণ্ড আৰু কবিতা পদ্মনাভন উপস্থিত আছিল (Assam recruitment 2023)। অহা 11 মে’ত খানাপাৰাত এই 11,324 গৰাকী প্ৰাৰ্থীক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷ 

লগতে পঢ়ক : DHS Assam Result 2023 : অভাৰলেপিঙৰ নাটক বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক মুক্তিৰ

Last Updated : May 3, 2023, 3:56 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.