ধেমাজিৰ জেচিন কুম্বাং পাৱলৈ অসম গৌৰৱ বঁটা - Assam Civilian Award to Jachin

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:55 AM IST

ধেমাজি, ১৭ জানুৱাৰী: ঘোষণা কৰা হ'ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ক্ৰমে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বঁটা প্ৰাপকৰ নাম ৷ এইবাৰ ২০২৪ বৰ্ষৰ বাবে অসম গৌৰৱ বঁটা লাভ কৰিছে ১৭ গৰাকী ব্যক্তিয়ে । ইয়াৰে ভিতৰত নিজৰ কৰ্মৰে জিলিকি উঠা ধেমাজিৰ এগৰাকী মহিলা জেচিন কুম্বাং পাৱলৈয়ো আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা ৷ 

উল্লেখ্য যে জেচিন কুম্বাং পাৱে ২০১৭ চনৰ পৰা হস্ততাঁত বস্ত্ৰ শিল্পৰ ব্যৱসায় আৰম্ভ কৰিছিল তিনিখন তাতঁশালেৰে  ৷ এতিয়া ১১২ জন কৰ্মচাৰীৰ জৰিয়তে তিনিখনকৈ কাংকান এম্পৰিয়াম নামৰ বিপনী চলাই আহিছে জেচিং কুম্বাং পাৱে ৷ বছৰি ৯ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হোৱা জেচিন কুম্বাং পাৱে অসম গৌৰৱ বঁটা লাভ কৰাৰ পিচত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত । এই বঁটা লাভ কৰি তেওঁ অত্যন্ত সুখী বুলি উল্লেখ কৰে সাংবাদিকৰ আগত । 

লগতে পঢ়ক: অসম গৌৰৱ বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.