Sorbhog Curd: ভোগালীক আদৰিবলৈ চুঙা, টেকেলী, মলাভৰি ৰৈ আছে সৰভোগৰ দৈ
🎬 Watch Now: Feature Video
দৈ বুলিলেই মনলৈ আহে সৰভোগ ৷ সৰভোগৰ দৈ(Sorbhog Curd) অবিহনে বহুতৰে বাবে আধৰুৱা বিহু ৷ ম'হৰ এঠা দৈ, বাঁহৰ চুঙাৰ দৈ, ঘিঁউ, ক্ৰীম আদি ৰাজ্যবাসীক যোগান ধৰাৰ বাবে এইবাৰো সৰভোগ সাজু হৈছে ৷ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সৰভোগৰ দৈৰ বিপণিসমূহত নদন-বদন হৈছে দৈ-ক্ৰীম ৷ এইবেলিৰ ভোগালীত সৰভোগৰ প্ৰতিকিলো দৈ ১৭০ টকা, প্ৰতিকিলো বাঁহৰ চুঙাৰ দৈ ১৮০ টকা, প্ৰতিকিলো ক্ৰীম ৮০০ টকা, প্ৰতিকিলো ঘিঁউ ১০০০ ত বিক্ৰী কৰা হৈছে (Sorbhog curd price)৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ(Manas National Park) সমীপৰ ম’হৰ বাথানসমূহৰ পৰা অহা গাখীৰৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে মাটিৰ পাত্ৰৰ লগতে বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷