সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেন্ট কৰিছে, তথ্য দিব পৰা নাই ভিক্টৰে: ভাস্কৰজ্যোতি মহন্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 10, 2022, 3:26 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ভিক্টৰ দাসৰ সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া (DGP Bhaskarjyoti Mahanta on Victor Das)। ‘‘সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেন্ট কৰিছে । সঠিক তথ্য দিব পৰা নাই ভিক্টৰে’’-এইদৰে মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷ উল্লেখ্য যে ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰযোগে অভিযোগ উত্থাপন কৰিছিল (Assam recruitment scam allegation)। প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলা বুলি অভিযোগ উত্থাপন কৰি চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰিছিল । মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল (Victor Das tweet)। ইয়াৰ পাছতে শুকুৰবাৰে দিনজোৰা জেৰাৰ পাছত ভিক্টৰ দাস নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Victor Das arrested) ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.