Assam police BMI test : বি এম আই পৰীক্ষাত অৱতীৰ্ণ মৰিগাঁও আৰক্ষী

By

Published : Aug 16, 2023, 3:36 PM IST

thumbnail

মৰিগাঁও, 16 আগষ্ট : ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁও জিলা আৰক্ষী বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে আৰক্ষীৰ শাৰীৰিক সক্ষমতা মূল্যায়নৰ পৰীক্ষা ৷ অসম আৰক্ষীত কৰ্মৰত বিষয়া, জোৱান সকলৰ শাৰীৰিক সক্ষমতা নিৰূপন কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ১৬ আগষ্ট নিৰ্ধাৰণ কৰাৰ পাছত আজিৰে পৰা আৰক্ষী বাহিনীত কৰ্মৰত লোক সকলৰ মাজত ৰাজ্যখনৰ 35টা স্থানত আৰম্ভ হৈছে Body Mass Index চমুকৈ BMI Test ৷  

ইয়াৰ অংশ স্বৰূপে বুধবাৰে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৰিগাঁও আৰক্ষী চাউনিত জিলাখনত কৰ্মৰত আৰক্ষীৰ লোক সকলৰ মাজত অনুষ্ঠিত হয় এই শাৰীৰিক সক্ষমতাৰ পৰীক্ষা ৷ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে জানিবলৈ দিয়া অনুসৰি জিলা খনৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় পাঁচশৰো অধিক আৰক্ষীৰ মাজত অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷ 

লগতে পঢ়ক : Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.