thumbnail

By

Published : Apr 8, 2023, 10:11 PM IST

ETV Bharat / Videos

Bihu dance workshop : তেজপুৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উপভোগ কৰে বিহুনাচ

তেজপুৰ, ৮ এপ্ৰিল : শনিবাৰে তেজপুৰ নেহেৰু মৈদানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visits Tezpur) ৷ নেহেৰু মৈদানত মুখ্যমন্ত্ৰী শৰ্মাই উপভোগ কৰে তেজপুৰৰ বিহুৱা-নাচনীৰ বিহুনাচ ৷ লগতে তেজপুৰৰ বিহুৱা-বিহুৱতীসকলৰ সৈতেও মুখ্যমন্ত্ৰী শৰ্মাই বাৰ্তালাপ কৰি বুজ লয় বিহুনাচৰ প্ৰস্তুতি (Assam CM visits Bihu dance rehearsal at Tezpur) ৷

উল্লখ্য যে, আগন্তুক 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত 11 হাজাৰ ঢুলীয়া-নাচনীয়ে বিহুনাচ প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি হাতত লৈছে (Over 11000 Bihu Dancers To Participate In Bohag Bihu 2023) ৷ তাৰ বাবে প্ৰতিখন জিলাত চলি আছে এই বিহুনাচ আখৰা (Bihu dance rehearsal) ৷

কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই নহয় দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালো উপস্থিত থাকিব এই মেগা বিহু অনুষ্ঠানত ৷

লগতে পঢ়ক : World Record with Bihu dance : মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক বিহুৰ নিমন্ত্ৰণ জনাবলৈ কোন মন্ত্ৰী যাব কোন ৰাজ্যলৈ ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.