CM Himanta Biswa Sarma visits Sivasagar: ৰংঘৰ প্ৰকল্পৰ বাবে ৮৩ বিঘা ভূমি অধিগ্ৰহণ অসম চৰকাৰৰ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
শিৱসাগৰ, ২৯ জানুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ শিৱসাগৰত এই ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেওবাৰে এক বিশেষ কাৰ্যসূচী লৈ জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma visits Sivasagar) ৷ শিৱসাগৰত জ্যেষ্ঠ ব্যক্তিসকলৰ লগত প্ৰায় ৩ ঘন্টাজোৰা এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarma review meeting at Sivasagar) ৷
শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি প্ৰকল্প নিৰ্মাণৰ সন্দৰ্ভত বিশদ আলোচনা কৰাৰ বাবে ১১৭ গৰাকী জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিৰ লগত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ শিৱসাগৰৰ যুৱ দল প্ৰেক্ষাগৃহত আয়োজিত এই মত-বিনিময়ৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰংঘৰক কেন্দ্ৰ কৰি এটা পৰ্যটন আৰু বিভিন্ন সা-সুবিধা বৰ্ধিত কৰি এটা প্ৰকল্প নিৰ্মাণ কৰা কথা সদৰী কৰে(Asias first amphitheater Rang Ghar) ৷
তেওঁ এই প্ৰকল্পৰ বাবে ইতিমধ্যে অসম চৰকাৰে ৰংঘৰৰ কাষৰ ৮৩ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি এটা প্ৰকল্প নিৰ্মাণৰ আকৃতি তৈয়াৰ কৰাৰ কথাও জানিবলৈ দিয়ে ৷ আজি শিৱসাগৰৰ বিশিষ্ট ব্যক্তিৰ সন্মুখত লোকনিৰ্মাণ বিভাগে এই প্ৰকল্পটো প্ৰদৰ্শন কৰে আৰু বিভিন্নজনে ইয়াৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷
বিশিষ্ট ব্যক্তিসকলৰ এই পৰামৰ্শসমূহ চালি-জাৰি চাই পৰবৰ্তী সময়ত শিৱসাগৰৰ বিধায়ক আৰু সাংসদৰে এই সন্দৰ্ভত আলোচনা কৰি প্ৰকল্প চূড়ান্ত কৰা হ’ব ৷ ইয়াৰ পাছত নতুন বৰ্ষৰ বাজেটৰ লগে লগে ইয়াক ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰা হ’ব ৷ এই প্ৰকল্পটোত ক্ৰমে ৫ হাজাৰ আৰু ২ হাজাৰ মানুহ বহি বিহু চাব পৰা এম পি থিয়েটাৰ নিৰ্মাণ কৰা হ'ব ৷ ৯ বিঘা মাটিত এটা পুখুৰী নিৰ্মাণ কৰা হ’ব ৷ আধুনিক পৰম্পৰাগত খাদ্য সম্ভাৰৰ বাবে এখন থলুৱা গাঁও নিৰ্মাণৰ লগতে থলুৱা বিপণি নিৰ্মাণ কৰা হ'ব ৷
অহা বিত্তীয় বৰ্ষৰ বাজেটত নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে অসংৰক্ষিত প্ৰাচীন সাঁচিপাতৰ পুথিসমূহ টাই মিউজিয়ামত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ ঐতিহাসিক তলাতল ঘৰৰো সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱস্থা কৰাৰ হেতু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তলাতল ঘৰটো পৰিদৰ্শন কৰাৰ বাবে অনুৰোধ জনায় ৷
লগতে পঢ়ক: Assam Arunachal border fest : সীমা সমস্যা পাহৰি অসম-অৰুণাচল সীমান্তত সংস্কৃতিৰ আদান-প্ৰদান