thumbnail

By

Published : May 11, 2022, 11:01 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

চাবুৱাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ বাগিছাৰ শ্ৰমিকসকল (Tea garden workers suffering from various problems)। যাৰ বাবে সময়ে সময়ে ন্যায্য প্ৰাপ্তিৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । চাহ বাগিছাৰ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা অসম চাহ মজদুৰ সংঘই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ পুনৰ প্ৰতিবাদত বহিল সংগঠনটো । ডিব্ৰুগড় জিলাৰ চাবুৱাৰ খাৰজান চাহ বাগিছাত চাহ কোম্পানী আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে (Assam Chah Mazdoor Sangh protest at Chabua)। বাগিছাখনৰ মূল প্ৰৱেশদ্বাৰত শতাধিক চাহ শ্ৰমিকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । বাগিছা কৰ্তৃপক্ষই সময়মতে দৰমহা আৰু সঞ্চয় নিধিৰ ধনসমূহ জমা নিদিয়াৰ অভিযোগ শ্ৰমিকসকলৰ (Tea worker prptest)। লগতে শ্ৰমিকৰ গৃহ নিৰ্মাণ, মজুৰি বৃদ্ধি আদি বিষযত বাগিছা কৰ্তৃপক্ষৰ লগতে চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ।সংগঠনটোৰ অভিযোগ, পৰিৱৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁট চৰকাৰে এটা বছৰ অতিক্ৰম কৰিলে । কিন্তু আজিলৈ তেওঁলোকৰ মূল সমস্যাসমূহৰ সমাধান কৰিব নোৱাৰিলে চৰকাৰে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.