Heartbreaking situation in Bihpuria: কান্দোনৰ ৰোল উঠিছে বিহপুৰীয়াৰ এখন গাঁৱত

By

Published : Dec 13, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

হৃদয়বিদাৰক ৷ কান্দোনৰ ৰোল উঠিছে বিহপুৰীয়াৰ এখন গাঁৱত । লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাহগড়া দেউৰী গাঁৱৰ দেৱ প্ৰসাদ দেউৰীৰ একমাত্ৰ পুত্ৰ অসীম দেউৰী (22)ৰ বাংগালুৰুত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় । বাংগালুৰুৰ DLS নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত অসীম প্ৰতিদিনৰ দৰেই সোমবাৰে নিশাও ৮ বজাত কৰ্তব্য শেষ কৰি দুই সহকৰ্মীৰ সৈতে ওচৰৰে এখন বজাৰলৈ গৈছিল ৷ বজাৰ কৰিবলৈ যোৱা অৱস্থাতে এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে অসীমসহ দুই সহকৰ্মীক ৷ কালৰূপী বাহনে নিমিষতে যেন শেষ কৰি পেলাই সকলো, পথত পৰি ৰয় অসীমৰ নিথৰ দেহ (Assam boys died in Bengaluru) ৷ অসীম এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ, ঢোল বাদকো আছিল ৷ অসীমৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে গাঁওবাসী আৰু আত্মীয় স্বজন অসীমৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰখনত উঠে কান্দোনৰ ৰোল । অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ গৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে অসীমৰ পিতৃ তথা গাঁওবাসীয়ে । উল্লেখ্য যে দুৰ্ঘটনাত অসীমৰ লগত নিহত হোৱা আন দুজন যুৱক নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.