International arm wrestling competition: আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসম সন্তানৰ সোণৰ পদক

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:52 PM IST

thumbnail

ডিব্ৰুগড়, 2 অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিলে মৃন্ময় তালুকদাৰে ৷  মালয়েছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ডিব্ৰুগড়ৰ নালিয়াপুলৰ খেলুৱৈ মৃন্ময় তালুকদাৰক ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিপুল আদৰণি জনায় অজস্ৰ অনুৰাগীয়ে । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতেই ঢোল, বিহুনাচ, গামোচা, ফুলৰ থোপাৰে বিপুল আদৰণি জনোৱা হয় খেলুৱৈ গৰাকীক ।

১৫ বছৰ অনুৰ্ধ শাখাৰ ৬৩ কেজিত মৃন্ময় তালুকদাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, মালেয়েছিয়াত ২৬ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত অসমৰ ২৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰে ৮ গৰাকী মহিলা খেলুৱৈয়েও অংশগ্ৰহণ কৰিছিল বিশ্ব পাঞ্জা প্ৰতিযোগিতাত । ৫০ খন দেশৰ প্ৰায় ৭০০ ৰো অধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

অসমৰ পাঞ্জা সংস্থাৰ সভাপতি আদিত্য গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈয়ে ৩ টা সোণৰ পদকৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে । বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ২১ অনুৰ্ধৰ ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে ।

লগতে পঢ়ক : Asian Games 2023: তৃতীয় লিংগৰ খেলুৱৈৰ হাতত পৰাজিত হোৱা বুলি বিস্ফোৰক অভিযোগ ভাৰতীয় খেলুৱৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.