Assam Book Fair 2023: হাফলঙত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত - Assam Prakashan Parishad

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:35 PM IST

হাফলং,৩০ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত উঠিছে । অসম চৰকাৰৰ অধীনস্থ উচ্চ শিক্ষা বিভাগৰ অসম প্ৰকাশন পৰিষদৰ আৰু সদৌ অসম পুথি প্ৰকাশন বিক্রেতা সংস্থাৰ উদ্যোগত ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হব অসম গ্ৰন্থমেলা। ইতিমধ্যে কলকাতা দিল্লী গুৱাহাটী শিলচৰৰ পৰা বিভিন্ন প্ৰকাশন গোষ্ঠী আহি উপস্থিত হৈছে হাফলঙত । হাফলং সাংস্কৃতিক বিভাগৰ পথাৰত দেওবাৰে দিনৰ ১২ টা বজাত উদ্বোধন হ'ব অসম গ্ৰন্থমেলাৰ ।  

১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিন ধৰি চলিব এই অসম গ্ৰন্থমেলা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়তে গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিলেও আজিলৈকে ডিমা হাছাও জিলাত এনে ধৰণৰ গ্ৰন্থমেলা কেতিয়াও অনুষ্ঠিত হোৱা নাই । এইবাৰ প্ৰথম অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন বিক্রেতা সংস্থাৰ উদ্যোগত এই অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে । এই গ্ৰন্থমেলা অনুষ্ঠিত হব সাহিত্য আৰু সাংস্কৃতিক বিষয়ৰ ওপৰত আলোচনা চক্ৰ বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।  

অন্যহাতে অসম গ্ৰন্থ মেলাত গুৱাহাটীৰ অসম প্ৰকাশন পৰিষদ গুডবুক ডিষ্ট্ৰিবিউটৰছ, আংগিক প্ৰকাশন, ইউনিক প্ৰকাশন নেচনেল লাইব্ৰেৰী । কলকাতাৰ পৰা উডপেকাৰ প্ৰকাশন নিউডফিন প্ৰকাশন । বুক ফৰ্ড প্ৰকাশন নতুন দিল্লী, নেচনেল বুক ট্ৰাষ্ট ইণ্ডিয়া নতুন দিল্লী আৰু শিলচৰ বাতায়ন প্ৰকাশন গোষ্ঠীয়ো এই অসম গ্ৰন্থমেলালৈ বিভিন্ন ধৰণৰ পুথিৰ সংগ্ৰহ লৈ হাফলঙত অসম গ্ৰন্থমেলাত আহি উপস্থিত হৈছে ।

লগতে পঢ়ক: Assam Book Fair: হাফলঙত প্ৰথমবাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.