Assam Book Fair 2022: ধেমাজিত অসম গ্ৰন্থমেলা উদ্বোধন কৰিলে মন্ত্ৰী পেগুৱে

By

Published : Nov 4, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
ধেমাজি কাছাৰী ময়দানত আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে(Assam Book Fair 2022) ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি গ্ৰন্থমেলাখনি মুকলি কৰে অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে(Education Minister Ronuj Pegu) ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীৰ লগতে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, ড৹ প্ৰদীপজ্যোতি মহন্ত উপস্থিত থাকে ৷ সভাত ৰাইজক কিতাপ কিনিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে কয় যে কিতাপ কিনি সজাই থোৱাটো বেয়া কথা নহয় ৷ কাৰণ এই কিতাপ পৰিয়ালৰ কোনো সদস্যই অথবা প্ৰজন্মই পঢ়িব পাৰিব । আনহে নালাগে নিজে পঢ়া বিদ্যালয়খনতো কিতাপকেইখন দি দিব পাৰিব । সেয়ে ধেমাজি গ্ৰন্থমেলাত অভিলেখসংখ্যক এক কোটি গ্ৰন্থ বিক্ৰী হোৱাটো কামনা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.