হৈ যোৱা পাঁচ ৰাজ্যৰ নিৰ্বাচনত শেষ হাঁহি বিজেপিয়েই মাৰিব : ভৱেশ কলিতা - 5 state election exit poll
🎬 Watch Now: Feature Video


Published : Dec 1, 2023, 4:31 PM IST
ৰঙিয়া, 1 ডিচেম্বৰ : শেহতীয়াকৈ সম্পূৰ্ণ হ’ল দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ উক্ত ভোটগ্ৰহণৰ পাচতে দেশৰ কেবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এক্সিট প’ল ৷ সেই অনুসৰি প্ৰকাশ পাবলগীয়া ফলাফলত কংগ্ৰেছে দেখুৱাব ভাল ফল ৷ তাৰ পাচতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷
ৰঙিয়াত অনুষ্ঠিত খেল মহাৰণত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে পাঁচখন ৰাজ্য ৰাজস্থান, ছট্টীশগড়, মিজোৰাম, মধ্য প্ৰদেশ আৰু তেলেংগানাত হৈ যোৱা নিৰ্বাচনৰ ফলাফলত বিজেপি জয়ী হ’ব ৷ নিৰ্বাচনৰ এক্সিট প'লত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলি ওলোৱাৰ পাচত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উক্ত এক্সিট প’লক নস্যাৎ কৰে ৷
ভৱেশ কলিতাই কয় যে সকলো কথা তিনি তাৰিখে স্পষ্ট হৈ পৰিব । শেষ হাঁহি বিজেপিয়ে মাৰিব বুলি মন্তব্য কৰি ৰঙিয়াৰ বিধায়কগৰাকীয়ে কয় যে ফলাফল ঘোষণাৰ দিনটোত কংগ্ৰেছে আত্মগোপন কৰিবলৈ বাধ্য হ’ব ।
লগতে পঢ়ক : বদৰুদ্দিন আজমল আৰু ভূপেন বৰা আঁঠুৱাৰ তলৰ মহ: মানৱ ডেকা