Bhabesh Kalita: জিতু দাসৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই; স্পষ্টীকৰণ ভৱেশ কলিতাৰ - জিতু দাস
🎬 Watch Now: Feature Video

ৰঙিয়া, 27 জুলাই: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক (PA) বুলি পৰিচয় দিয়া জিতু দাস নামৰ এজন যুৱকৰ পৰিচয় পত্ৰ ভাইৰেল হৈ পৰিছে ৷ লগতে ভাইৰেল হৈ পৰিছে ভৱেশ কলিতাৰ সৈতে বিভিন্ন সময়ত উঠা ফটো ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৱেশ কলিতাই ৷ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ভৱেশ কলিতাৰ মন্তব্য ‘‘জিতু দাস মোৰ PA নহয়, জিতুৰে মোৰ কোনো সম্পৰ্ক নাই ৷’’
উল্লেখ্য যে ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসক ডিফু আৰক্ষীয়ে চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ গোচৰত জেৰা কৰাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷ কিন্তু জিতু দাসৰ সৈতে থকা সকলো সম্পৰ্ক নস্যাৎ কৰিছে ভৱেশ কলিতাই ৷ মন কৰিবলগীয়া যে ভৱেশ কলিতাৰ সৈতে জিতু দাসে বহিঃৰাজ্য ভ্ৰমণৰ সময়ত উঠা ফটোও ভাইৰেল হৈছে ৷ অৱশ্যে ভৱেশ কলিতাৰ সৈতে জিতু দাস নামৰ যুৱকজনৰ কি সম্পৰ্ক আছে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ৷
লগতে পঢ়ক: Palm Oil Cultivation in Assam : অসমৰ 18 খন জিলাত কৰা হ'ব পাম অইলৰ খেতি