Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা - Baihata Kamalpur news
🎬 Watch Now: Feature Video
বাইহাটা চাৰিআলি, 27 মাৰ্চ : ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী । গাত তৎ নাইকীয়া হৈ পৰিছে প্ৰতিজন অসমীয়াৰে ৷ উজনিৰ পৰা নামনিলৈ সকলো অসমীয়াই এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰৰ প্ৰস্তুতিত ।
বিহু আহিলেই বাইহাটা চাৰিআলিৰ কমলপুৰৰ দ্বিগুণপাৰ গাঁৱৰ যুৱক জয়ন্ত কাকতিৰো অন্ত নাইকিয়া হয় ব্যস্ততাৰ (Baihata Kamalpur news)। অঞ্চলটোৰ এজন ভাল বিহুৱা জয়ন্তই নিজ হাতেৰে নিৰ্মাণ কৰা বাঁহী, পেঁপা বজাই বিহুত নচুৱাই নাচনীক । জয়ন্তই কেৱল যে নিজৰ কাৰণেই পেঁপা, বাঁহী বনাই তেনে নহয় (making bihu instruments) ।
বিগত ৬/৭ বছৰ ধৰি ব্যৱসায়িকভাৱে জয়ন্তই নিৰ্মাণ কৰি আহিছে বিহুত প্ৰয়োজন হোৱা প্ৰতিটো সামগ্ৰী (Man runs his family by making bihu instruments) ৷ বিহু আহিলেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহুৱা ডেকা সকলে মহৰ শিঙৰ পেঁপা ক্ৰয় কৰাৰ উদ্দেশ্যে ঢাপলি মেলে জয়ন্তৰ ঘৰলৈ । গাঁৱৰ কিশোৰ সকলেও জয়ন্তৰ ওচৰলৈ গৈ পেঁপা, বাঁহী শিকিবলৈ লয় বিহুৰ বতৰত । জয়ন্ত কাকতিয়ে ব্যৱসায়িকভাৱে পেঁপা, বাঁহী বনাই বিক্ৰী কৰি বছৰেকত উপাৰ্জন কৰে প্ৰায় ডেৰ দুই লক্ষাধিক টকা ।
লগতে পঢ়ক : Assam Rangali Bihu: ৰাজ্যত ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি