Speaker Biswajit Daimary in Borama: ৰাইজে এতিয়া বিধানসভাৰ ভিতৰৰ বহু কথা জানিব পাৰিছে; বিশ্বজিৎ দৈমাৰী - ৰাইজে এতিয়া বিধানসভাৰ ভিতৰৰ বহু কথা জানিব পাৰিছে
🎬 Watch Now: Feature Video
Published : Nov 5, 2023, 7:35 PM IST
বাক্সা, ৫ নৱেম্বৰ: বাক্সা জিলাৰ বৰমাত দেওবাৰে জাগৰণ বেচৰকাৰী সংস্থাৰ উদ্যোগত অনুস্থিত এখন সভাত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । উক্ত সভাত তেওঁ চৰকাৰী আঁচনি সম্পৰ্কত একাংশ গাঁৱৰ লোক আজিও জ্ঞাত নহয় বুলি মন্তব্য় কৰে । তেনে লোকসকলক চৰকাৰী আঁচনি সম্পৰ্কে সজাগ কৰি সুবিধা দিয়াৰ উদ্দেশ্যৰে গঠন হোৱা জাগৰণৰ সজাগতামূলক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ।
তেওঁ ৰাইজক চৰকাৰী আঁচনি সমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাঘৱ চিনেমা সম্পৰ্কে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । ইফালে, বৰ্তমান সময়ত সামাজিক মাধ্যম সক্ৰিয় হোৱাৰ ফলত বিধানসভা অধিৱেশনৰ ভিতৰৰ বহু কৰা ৰাইজে জানিব পাৰিছে আৰু গণতন্ত্ৰৰ কাৰণে এইটো এটা শুভ লক্ষণ বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে ।
লগতে পঢ়ক:Bhupen Borah slams Ajmal: সাংসদ বদৰুদ্দিন আজমলক ‘নৰাধম' আখ্যা ভূপেন বৰাৰ !