Jitendra Nath Pradhani at Barpeta Satra: বৰপেটা জিলাক অংগক্ষত কৰিলে বৰপেটা সত্ৰৰ ভৱিষ্যত অন্ধকাৰ: অসম সত্ৰ মহাসভা - অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানী
🎬 Watch Now: Feature Video
Published : Sep 25, 2023, 10:24 PM IST
বৰপেটা, ২৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সীমা সংকোচনক লৈ উদ্বিগ্ন অসম সত্ৰ মহাসভা । সোমবাৰে বৰপেটা সত্ৰত উপস্থিত হয় অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানী । সত্ৰ দৰ্শন কৰি বৰপেটা সত্ৰৰ আশীষ গ্ৰহণ কৰে অসম সত্ৰ মহাসভাৰ সভাপতিগৰাকীয়ে । তেওঁ লগতে সত্ৰৰ ভকত-বান্ধৱৰ লগতো মত-বিনিময় কৰে ৷
বৰপেটা-বজালী জিলাৰ সীমা নিৰ্ধাৰণ প্ৰসংগত সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ সভাপতিগৰাকীয়ে সৰভোগ, বৰপেটা ৰোড, হাউলীক বৰপেটা জিলাৰ পৰা কৰ্তন নকৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ বৰপেটা সত্ৰ ৷ মধুপুৰ সত্ৰকো ৰক্ষা কৰি আছে বৰপেটা সত্ৰই । বৰপেটা জিলাক অংগক্ষত কৰিলে বৰপেটা সত্ৰৰ ভৱিষ্যত হ'ব অন্ধকাৰ ।
লগতে পঢ়ক: Ek Asom Yatra 5th day: AIUDFয়ে নিজকে মুছলমানৰ মালিক বুলি ভাবে; লুৰীণজ্যোতি গগৈ