Jonaki Pokhuri in Tezpur:তেজপুৰত অশোক সিংহলে উদ্বোধন কৰিলে জোনাকী পুখুৰী - তেজপুৰ পাৰিপাৰ্শ্বিক সমাজ
🎬 Watch Now: Feature Video


Published : Sep 6, 2023, 10:43 PM IST
তেজপুৰ, ৬ ছেপ্টেম্বৰ : অসম চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে সন্ধিয়া অমৃত সৰোৱৰ ২.০ ৰ অধীনত আধুনিক ৰূপত সজাই তোলা তেজপুৰ চহৰৰ জোনাকী পুখুৰী (থানা পুখুৰী) পুনৰ মুকলি কৰে । তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত নতুনকৈ পৰ্যটকৰ বাবে সজাই তোলা এই ঐতিহাসিক পুখুৰীটো ৷ প্ৰায় ১৮ শ শতিকা পুৰণি এই পুখুৰীৰ পাৰতে ৰূপকোঁৱৰে অসমৰ প্ৰথমটো ছবি গৃহ জোনাকী নিৰ্মাণ কৰিছিল ।
তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই উদ্বোধন অনুষ্ঠানতে তেজপুৰ পাৰিপাৰ্শ্বিক সমাজৰ উপ সভানেত্ৰী ডাঃ লক্ষী গোস্বামীৰ ৮৮ সংখ্যক ওপজা দিন কেক কাটি উদযাপন কৰে সকলোৱে । পুখুৰীৰ উদ্বোধন কৰি মন্ত্ৰী সিংহলে ঘোষণা কৰে যে নগৰ উন্নয়ন বিভাগৰ অভিলাষী আঁচনি ডাইৰেক্ট টেপ অৰ্থাৎ সন্মুখতে বিশুদ্ধ খোৱা পানী অসমৰ ভিতৰতে প্ৰথম বাৰৰ বাবে আৰম্ভ হ‘ব ৷
লগতে পঢ়ক : Gurusewa programme:সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত "গুৰুসেৱা" কাৰ্যসূচী