Asam Sahitya Sabha : মাতৃভাষা মাধ্যম সম্পৰ্কে নলবাৰীত অসম সাহিত্য সভাৰ সংবাদমেল
🎬 Watch Now: Feature Video
নলবাৰী, ২৬ জুন : দেওবাৰে নলবাৰী শ্বহীদ ভৱনত মাতৃভাষা মাধ্যম সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰে অসম সাহিত্য সভাই । উক্ত সংবাদমেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ব্যক্তিগতভাৱে সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে ।
লগতে তেওঁ কয়, ‘‘সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ নৱ প্ৰজন্মৰ মাজত অসমীয়া ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে’’ ৷ তেওঁ আৰু কয়, ‘‘ষষ্ঠ শ্ৰেণীৰ বাবে বিজ্ঞান আৰু গণিত ভাষা ইংৰাজী ভাষাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হ’ব ৷ যাৰ যি মাধ্যম সেয়া সদায় অটুট থাকিব লাগিব ৷ ইংৰাজী ভাষাৰ বিৰোধী নহয় অসম সাহিত্য সভা’’ ৷
সমষ্টি পুনঃনিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁ কয় যে খিলিঞ্জীয়া জাতি-জনগোষ্ঠীয়ে প্ৰাধান্য পাব ৷ সেয়ে নিৰ্বাচন আয়োগক ধন্যবাদ জনায় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে ৷ ইপিনে উপ সভাপতি ড৹ গিৰীশ সন্দিকৈ সংবাদমেলত কয়, ‘‘যিবোৰ অসমীয়া মাধ্যম আছে, সেইবোৰ অসমীয়া মাধ্যম হিচাপে থকাটো বিচাৰো ৷ আনহাতে, যিবোৰ ইংৰাজী মাধ্যম সেইবোৰ ইংৰাজী মাধ্যম হিচাপে থাকক’’ ৷
লগতে পঢ়ক : Constituency Delimitation 2023 : সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক সমৰ্থন অসম সাহিত্য সভাৰ