Arunodaya card distribution in Sivsagar: শিৱসাগৰত অৰুণোদয় কাৰ্ড বিতৰণ মন্ত্ৰী বিমল বড়াৰ - Official launch of Arunodaya Scheme
🎬 Watch Now: Feature Video


Published : Oct 11, 2023, 8:08 PM IST
শিৱসাগৰ,১১ অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে শিৱসাগৰতো অৰুণোদয় ২.০ আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ বৰ্ডিং খেল পথাৰত এই উপলক্ষে অনুষ্ঠিত এক বিশাল জনসভাত অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বড়াই এই আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । মন্ত্ৰী বড়াই এই অনুষ্ঠানত জিলাখনৰ ৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অৰুণোদয় ২.০ কাৰ্ড বিতৰণ কৰে ।
অৰুণোদয় ২.০ আঁচনিৰ অধীনত জিলাখনত ১৮ হেজাৰ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে । এই অন্তৰ্ভূক্তিৰ পাছত জিলাখনত এই আঁচনিৰ অধীনত উপকৃত হোৱা মুঠ হিতাধিকাৰীৰ সংখ্যা ৭০,৪৩২ গৰাকী হৈছেগৈ । মন্ত্ৰী বড়াই নিজৰ ভাষণত অসম চৰকাৰৰ এই ধ্বজাবাহী এই আঁচনিৰ লগতে অন্যান্য আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে ।
তেওঁ বিগত ৯ বছৰত বি জে পি নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন আঁচনি সমূহে দাৰিদ্ৰতা নিৰ্মূলকৰণ, মহিলা সৱলীকৰণ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈছে বুলি প্ৰকাশ কৰে । অনুষ্ঠানটিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আদিকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Prabin Boro joins in Congress: কংগ্ৰেছত যোগ দি বহু কথাই ক’লে প্ৰবীণ বড়োৱে