Sangeet Natok Academy 2022 : সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই গ্ৰহণ কৰিলে সংগীত নাটক অকাডেমী বঁটা

By

Published : Feb 24, 2023, 7:20 AM IST

Updated : Feb 24, 2023, 8:11 AM IST

thumbnail

বৰপেটা, 23 ফেব্ৰুৱাৰী : অসমৰ লগতে সত্ৰনগৰী বৰপেটাৰ বাবে গৌৰৱময় এটি মুহূৰ্ত ৷ বৃহস্পতিবাৰে দেশৰ ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মূৰ পৰা ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা গ্ৰহণ কৰিলে বৰপেটাৰ সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই । সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজালৈ পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে প্ৰদান কৰা হৈছে ২০২১ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা (Sangeet Natok Academy Award 2022) ৷

বৰপেটা সত্ৰৰ সেৱায়িত কৰ্মৰ সৈতে জড়িত গুণীন্দ্ৰ নাথ ওজাই সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াইছে অনেক অনবদ্য অৱদান । ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তত সুললিত কণ্ঠৰে বৰগীত, হোলীগীতৰ লগতে লোকগীত, নাওখেলৰ গীত পৰিৱেশন কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে সত্ৰীয়া শিল্পীগৰাকীয়ে । বৃত্তিত চৰকাৰী হাইস্কুলৰ এগৰাকী প্ৰধান শিক্ষক গুণীন্দ্ৰ নাথ ওজাই সংগীত নাটক একাডেমীৰ আলোচনা সত্ৰতো সমল ব্যক্তিৰূপে সমাদৃত হৈছে । 

উল্লেখ্য যে, 2022 বৰ্ষৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে 2019, 2020 আৰু 2021 বৰ্ষৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰা বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছিল ৷  দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পী নিৰ্বাচিত হৈছিল এই বটাঁৰ বাবে ৷ ইয়াৰে ভিতৰত অসমৰো পাঁচ গৰাকীকৈ শিল্পীলৈ আগ বঢ়োৱা হৈছিল সংগীত নাটক একাডেমীৰ এই সন্মান ৷  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে 2019, 2020 আৰু 2021 বৰ্ষত সংগীত, নৃত্য, নাট্য, পৰম্পৰাগত, লোক-জনজাতীয় সংগীত ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও শিল্পীলৈ আগবঢ়োৱা এই বঁটা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰতিগৰাকী শিল্পীলৈ প্ৰদান কৰে ৷

এইবাৰ একাডেমীৰ সাধাৰণ পৰিষদে পৰিৱেশন কলাৰ 10 গৰাকী বিশিষ্ট ব্যক্তিক একাডেমী ফেল’ হিচাপে ঘোষণা কৰে । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মূৱে এই বঁটা বিজয়ীসকললৈ আগবঢ়ায় সংগীত নাটক একাডেমীৰ এই সন্মান ৷ সংগীত নাটক অকাডেমী বঁটা বিজয়ীসকলে 1 লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ লগতে, একাডেমীৰ ফেল’সকলে 3 লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰিব ৷ লগতে তেওঁলোকে লাভ কৰিব একোখনকৈ তাম্ৰপাত্ৰ আৰু অংগবস্ত্ৰ ।

বঁটা গ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে আগলৈ কাম কৰি যাবলৈ অনুপ্ৰেৰণা লাভ কৰিছে বুলি অনিভৱ ব্যক্ত কৰে সত্ৰীয়া শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : Guwahati Double Murder update : স্বামী-শাহুৰ হত্যাকাণ্ডত ব্যৱহৃত দা উদ্ধাৰ; দা বেচি বিপদত পৰিল দোকানী

Last Updated : Feb 24, 2023, 8:11 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.