Durga Puja 2023: অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মৃন্ময় শিল্পীয়ে - পূজাৰ ব্যাপক প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:01 AM IST

ধেমাজি, 20 অক্টোবৰ :  আজি মহাষষ্ঠী ৷ অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মৃৎ শিল্পীয়ে ৷ দেৱী প্ৰতিমাক আভৰণেৰে শেষ পৰশ দি বিষাদগ্ৰস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ 

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি । মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী । আজি ষষ্ঠীত বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক । বেলবৰণেৰে আৰম্ভ হ'ব দুৰ্গা পূজা । সাজু হৈ উঠিছে পূজা মণ্ডপসমূহো । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো সাজু হৈছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপ । কোনোবাখনত যদি থলুৱা কাৰিকৰ, কোনোবাখনত আকৌ বহিঃৰাজ্যৰ কাৰিকৰে সাজিছে পূজা মণ্ডপ । মুঠৰ ওপৰত পূজা সমিতিসমূহৰ মাজত যেন চলিছে এখন অঘোষিত প্ৰতিযোগিতা ।

দিনে-নিশাই কষ্ট কৰি প্ৰতিমা নিৰ্মাণৰ কামত জড়িত থাকি এতিয়া মৃন্ময় দেৱীক পূৰ্ণাংগ ৰূপ দি বিদায় দিয়াৰ বেলাত মুহূৰ্তত মন গধুৰ হৈ পৰিছে ধেমাজিৰ মূতি নিমাৰ্তা প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ৰ মৃৎ শিল্পীসকলৰ ৷

লগতে পঢ়ক: Golaghat Triple Murder Case : 87 দিনৰ অন্তত গোলাঘাট ত্ৰিপল্ মাৰ্ডাৰৰ 28 পৃষ্ঠাজোৰা শ্বাৰ্জশ্বীট দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.