Flood in Silapathar model hospital : সপ্তাহ ধৰি কৃত্ৰিম বানৰ কবলত চিলাপথাৰ মডেল হাস্পতাল - Artificial floods in Chilapthar Model Hospital
🎬 Watch Now: Feature Video
জোনাই, 9 জুলাই : এটা সপ্তাহে কৃত্ৰিম বানৰ কবলত চিলাপথাৰ মডেল হাস্পতাল । জলবন্দী হৈ পৰিছে ৰোগী আৰু চিকিৎসা কৰ্মী । উল্লেখ্য যে, বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ লক্ষাধিক লোকৰ স্বাস্থ্যক্ষেত্ৰৰ ভৰষা চিলাপথাৰ মডেল হাস্পতাল । এম্বুলেন্সৰ লগতে সৰু বৰ যান বাহনৰ প্ৰৱেশ কৰিব পৰা নাই চিকিৎসালয়ৰ চৌহদত ভিতৰত ।
একঁকাল পৰ্যন্ত পানীৰ মাজৰে চিকিৎসালয়লৈ গৈছে ৰোগী আৰু চিকিৎসক । চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা কৰ্মচাৰীৰ আৱাসলৈকে চৌদিশে মাথো পানী আৰু পানী । এটা সপ্তাহে নিজা নিজা আৱাসত আৱদ্ধ হৈ পৰিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল । সাপ আৰু ভেকুলীৰ সৈতে থাকিব লগা হৈছে স্বাস্থ্য কৰ্মীসকলে ।
পৰিকল্পিত নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ বাবেই চিকিৎসালয়খনৰ এই দুৰৱস্থা হোৱা বুলি খেদ প্ৰকাশ কৰিছে চিকিৎসক আৰু ভুক্তভোগী ৰাইজে । শীঘ্ৰে সমস্যাটো সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।
লগতে পঢ়ক : himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু