Arjun Bhanjan Nat: নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত প্ৰদৰ্শিত হ’ল অৰ্জ্জুন ভঞ্জন নাট - প্ৰদৰ্শিত হ’ল অৰ্জ্জুন ভঞ্জন নাট
🎬 Watch Now: Feature Video


Published : Sep 5, 2023, 1:01 PM IST
বিহপুৰীয়া, 5 ছেপ্টেম্বৰ : সোমবাৰে নিশা নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত প্ৰদৰ্শন কৰা হয় অৰ্জ্জুন ভঞ্জন নাট । এই নাট উপভোগ কৰিবলৈ ওলাই আহিল বৃহত্তৰ নাৰায়নপুৰ অঞ্চলৰ সহস্ৰাধিক লোকে ৷ আনকি উক্ত অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, শ্ৰী শ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ দেৱ গোস্বামী, কমলাবাৰী সত্ৰৰ অধ্যাপক তথা ঝুমুৰা নাটৰ মুখ্য প্ৰশিক্ষক হৰিচৰণ বৰুৱা, লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত সাত্তাৱনকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সহযোগত বিগত গ্ৰীষ্ম বন্ধৰ সময়চোৱাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ 6 টাকৈ স্থানত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ বিৰচিত নাটসমূহৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । বিহপুৰীয়া সমষ্টিৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা কৰ্মশালাখনৰ অন্তত 6 টা স্থানতে একোখনকৈ নাট প্ৰদৰ্শন কৰা হয় । যোৱা নিশা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলি মঞ্চত প্ৰদৰ্শন কৰা হয় অন্তিমখন নাট অৰ্জ্জুন ভঞ্জন ।