এইবাৰ এছ আই টিৰ জালত পৰিল কৰ বিষয়া; ডিফুৰ পৰা গ্ৰেপ্তাৰ ৱাহিদা বেগমক

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:37 PM IST

thumbnail

ডিফু, 8 ডিচেম্বৰ : জালত পৰিছে এ পি এছ চিত বক্ৰ পথেৰে চাকৰি লোৱা ইজনৰ পাছত সিজন ৰাজপত্ৰিত বিষয়া ৷ এইবাৰ বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কৰ বিভাগৰ বিষয়া ৱাহিদা বেগম ৷

নগাঁও আৰু কাৰ্বি আংলঙৰ জিলা বিক্ৰী কৰ বিভাগৰ বিষয়া ৱাহিদা বেগমক শুকুৰবাৰে এছ আই টিয়ে ডিফুৰ কাৰ্যলয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ৷ দুপৰীয়া প্ৰায় 1.30 বজাত এছ আই টিয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি নিয়ে ৷

ৱাহিদা বেগম 2014 চনৰ অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল বুলি জানিব পৰা গৈছে ৷ ইফালে কৰ বিষয়াগৰাকীক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ ওচৰত কোনো তথ্য নাই বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গুৱাহাটীৰ একাংশ বিলাসী ৰিজ'ৰ্ট-পাবত ব্যয়বহুল ড্ৰাগছৰ বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.