APDCL Workers Strike : অসম ৰাজ্যিক শক্তি মজদুৰ সংঘৰ অনশন - rules of employees

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 22, 2022, 7:16 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

অসম ৰাজ্যিক শক্তি মজদুৰ সংঘৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাৰ প্ৰতিবাদত ১৪ ডিচেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে (APDCL workers union strike) । আন্দোলনৰ প্ৰথম পৰ্যায়ত ১৪ ডিচেম্বৰত ২ ঘণ্টীয়া ধৰ্ণাৰ আয়োজন কৰা হৈছিল আৰু বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া কাৰ্যালয়ৰ সন্মুখতো ৬ ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী গ্ৰহণ কৰে (APDCL workers strike in Tinsukia) ৷ লগতে ২৭ ডিচেম্বৰত পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া সৰ্বাত্মক ধৰ্মঘট গ্ৰহণ কৰিব । উল্লেখ্য, অসম ৰাজ্যিক শক্তি শ্ৰমিক সংঘৰ দাবীসমূহৰ ভিতৰত আছে কৰ্মচাৰীৰ সময়মতে পদোন্নতি, নিয়ন্ত্ৰণ কক্ষৰ ফ্ৰেঞ্চাইজি বন্ধ কৰা, শক্তি কৰ্মীৰ সুৰক্ষা নিশ্চিত কৰা, অস্থায়ী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সমস্যা সমাধান, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সেৱা বিধি ৰূপায়ণ (rules of employees) । প্ৰতিবাদকাৰী সংগঠনটোৰ অভিযোগ, বিদ্যুৎ বিভাগে এই সকলোবোৰ দীৰ্ঘদিনীয়া দাবীক আওকাণ কৰিছে । তিনিটা পৰ্যায়ৰ আন্দোলনৰ পাছতো যদি দাবীসমূহ চৰকাৰে আওকাণ কৰে, তেন্তে অনাগত দিনত তীব্ৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলিও জনায় (Assam state power workers protest) ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.