আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে অসমত কিমান শান্তি ঘূৰাই আনিব সন্দেহ আছে : ৰাণা গোস্বামী - ULFA Govt Peace Agreement
🎬 Watch Now: Feature Video


Published : Dec 30, 2023, 5:16 PM IST
মৰাণ, 30 ডিচেম্বৰ : আলফাৰ যিখন চুক্তি তাক আমি আদৰণী জনাইছো ৷ কিন্তু এই চুক্তিখনে অসমলৈ শান্তি ঘূৰাই আনিবনে সেইটো এক ডাঙৰ প্ৰশ্ন ৷" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ বহু চৰ্চিত আলফা আৰু চৰকাৰৰ মাজত 29 ডিচেম্বৰত স্বাক্ষৰিত হোৱা শান্তি চুক্তি সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে ৷
চৰাইদেউ জিলাৰ মাহমৰাত উপস্থিত হৈ শনিবাৰে আলফা-চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাণা গোস্বামীয়ে কয় যে, এই চুক্তিয়ে অসমলৈ কিমান শান্তি ঘূৰাই আনিব তাত সন্দেহ আছে ৷ হাবিত থকাসকলে অশান্তি নকৰিব বুলি কোনোবাই ক'ব পাৰিবনে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে ৷ লগতে তেওঁ এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষিত যুৱক-যুৱতী আলফা (স্বা) লৈ গৈ থকা বিষয়টো চৰকাৰক বিবেচনা কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : শান্তি চুক্তি অসমবাসীৰ বাবে প্ৰতাৰণাৰ দলিল : আত্মসমর্পণকাৰী আলফা