Rana Goswami: বিজেপিৰ পৰা গণ্ডাই গণ্ডাই মানুহ যোগদান কৰিছে কংগ্ৰেছত; ৰাণা গোস্বামী

🎬 Watch Now: Feature Video

thumbnail

ডিব্ৰুগড়, 26 আগষ্ট: 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো দলেই তৎপৰতা অব্যাহত ৰাখিছে ৷ শনিবাৰে চৰাইদেউ জিলাৰ মৰাণহাটত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷  

সংবাদ মাধ্যমৰ আগত ৰাণা গোস্বামীয়ে কয়, ‘‘কংগ্ৰেছ দল এতিয়া শক্তিশালী হৈ উঠিছে ৷ বিজেপিৰ পৰা গণ্ডাই গণ্ডাই মানুহ কংগ্ৰেছলৈ এতিয়া আহিছে ৷ বিজেপি দলত জ্যেষ্ঠ- কনিষ্ঠৰ মাজত কাজিয়া আৰম্ভ হোৱাত জিলাই জিলাই বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে ৷’’

কংগ্ৰেছ দলৰ পৰা সমাগত লোকসভা নিবাৰ্চনৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি মানুহৰ শাৰী লাগি আছে বুলিও কয় ৰাণা গোস্বামীয়ে ৷ লগতে কয়,‘‘বিজেপিৰ অপশাসনৰ বিৰুদ্ধে কাম কৰিবলৈ ৰাজ্যৰ 12 টা ৰাজনৈতিক দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিছে যদিও লোকসভা নিৰ্বাচনক লৈ হোৱা নাই কোনো আলোচনা ৷’’ 

লোকসভা নিৰ্বাচনত মিত্ৰতা কৰিব লাগিব বুলি আনুষ্ঠানিকভাৱে সিদ্ধান্ত কংগ্ৰেছে এতিয়ালৈকে গ্ৰহণ কৰা নাই বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ সমাগত লোকসভা নিবাৰ্চনত কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: MLA Mrinal Saikia: কিয় পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.