Junmoni Rabha Death Case : জোনমণিৰ মৃত্যুৰ চিবিআই তদন্তত আশ্বস্ত নহয় প্ৰদেশ কংগ্ৰেছ

By

Published : Jun 20, 2023, 1:54 PM IST

thumbnail

নগাঁও, ২০ জুন : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে । কিন্তু চিবিআইৰ এই তদন্তত আশ্বস্ত নহয় অসম প্ৰদেশ কংগ্ৰেছ । চিবিআইৰ তদন্ত সন্দৰ্ভত মঙলবাৰে নগাঁৱত মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা ভূপেন বৰাৰ অভিযোগ, কেন্দ্ৰীয় চৰকাৰৰ মতেই চিবিআইৰ দলে উঠা-বহা কৰে । আনহাতে, উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্ত্বাৱধানত জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ তদন্তৰ দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছে । লগতে চিবিআইৰ তদন্তত বহু তথ্য পোহৰলৈ নাহিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

ইফালে চিবিআইৰ তদন্তত নকল সোণ আৰু জালনোট সৰবৰাহত জড়িত বহু ৰৌ-বৰালিও সাৰি যোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । 

লগতে পঢ়ক :Shrinkhal Chaliha Granted Bail : নিশাই বাসগৃহত উপস্থিত NSA ত গ্ৰেপ্তাৰ হোৱা শৃংখল চলিহা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.