Joining Programme of Congress : পঘা পুৰি শেষ হলেও পাক নেৰে; মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:57 PM IST

thumbnail

বিহপুৰীয়া, 29 ছেপ্টেম্বৰ : লখিমপুৰ জিলা বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই যোগদান কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত সভাপতিগৰাকীৰ ভোগপুৰস্থিত বাসগৃহত শুকুৰবাৰে অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৷

লখিমপুৰ জিলাৰ তিনি গৰাকী ছাত্ৰ নেতাৰ লগতে 14 গৰাকী জ্যেষ্ঠ বিজেপি নেতাই কংগ্ৰেছ দলত যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীৰ অন্তত সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত বিজেপিক তীক্ষ্ণ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে অসমত কেৱল এটা পৰিয়ালৰ কথা চিন্তা কৰে ৷ পৰিয়ালটো সন্তুষ্ট হোৱাৰ পিছতহে ৰাইজে বাকী থকা সা-সুবিধা লাভ কৰে বুলি মন্তব্য কৰে তেওঁ ৷

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, বৰ্তমান বিজেপিৰ শ্লোগান হৈছে পদূলিয়ে পদূলিয়ে টোল গেট ৷ বিজেপিৰ ৰাজনীতি সেৱাৰ ৰাজনীতি নহয়, বিজেপিৰ ৰাজনীতি শোষণ আৰু লুণ্ঠনৰ ৰাজনীতি ৷ বৰ্তমান বিজেপিৰ একাংশই ৰাৱণৰ ভূমিকা লৈছে ৷ বিজেপি নেতাৰ পৰিণতি ৰাৱণৰ দৰেই হ’ব বুলি কয় নেতাজনে ৷ লগতে পঘা পুৰি শেষ হলেও পাক নেৰে বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ভূপেন বৰাই ৷ 

লগতে পঢ়ক : Kamalakhya Dey Purkayastha: বিধানসভাত সৰৱ হোৱা বাবেই CM ভিজিলেন্সৰ তদন্ত; কমলাক্ষ দে’ পুৰকায়স্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.