Bhupen Kumar Borah comments on Ripun Bora: ৰিপুন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া APCC ৰ সভাপতি ভূপেন কুমাৰ বৰাৰ - APCC ৰ সভাপতি ভূপেন কুমাৰ বৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 12, 2023, 2:10 PM IST

বিহপুৰীয়া, 12 জুন : বিগত ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সদস্যই তিনি কোটি টকা লৈ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক ভোট প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই । ইয়াৰ পিচতেই এই অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

‘ৰিপুন বৰাই কেতিয়া ক’ত কি কথা কয় সেইটো আমাৰ কাৰণে দুৰ্বোধ্য হৈ পৰিছে । দুদিনমান পূৰ্বে ৰিপুন বৰাই বিৰোধী দলপতিৰ সৈতে ৰাজ্যপালকো লগ ধৰিছে । যদিহে ৰাজ্যসভা নিৰ্বাচনত তিনি কোটি টকা কোনোবাই লৈছিল তেন্তে টকা লোৱা আৰু টকা দিয়া দুয়োজনেই অপৰাধী । নিকা আৰু মূল্যবোধৰ ৰাজনীতিৰ স্বাৰ্থত গোটেই বিষয়বস্তুটো সম্পূৰ্ণকৈ ৰাজহুৱা কৰক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

‘যদিহে আমাৰ দলৰ কোনো ব্যক্তিয়ে টকা লৈছে তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিম’ বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে । আনহাতে ২৩ জুনত পাটনাত অনুষ্ঠিত হ'ব লগা মহাজোঁটৰ সভালৈ এ আই ইউ ডি এফক আমন্ত্ৰণ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই ।

লগতে পঢ়ক : Sharad Pawar death threat case : শৰদ পাৱাৰ ভাবুকি গোচৰত এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.