Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগক গুৱাহাটীত বৃহস্পতিবাৰে সাক্ষাৎ কৰি কংগ্ৰেছ দলৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
তেওঁ কয়, ‘‘দিল্লীত গৈ আয়োগক কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত দিয়া স্মাৰকপত্ৰৰ উত্তৰ আজিলৈকে কিয় নিদিলে তাৰ উত্তৰ বিচাৰিছিলো । দিল্লীত আয়োগে অসমৰ বিৰোধী দলসূহক লগ নকৰা সন্দৰ্ভত সুধিছিলো । সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ২০০৮ চনত অসমত ১১৩ টা আন্দোলন হোৱাত ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া পিছুৱাই দিছিল । এইবাৰ ১৫০ টা আন্দোলন হৈছে কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া পিছুৱাই দিয়া হোৱা নাই ।’’
তেওঁ আৰু কয়, ‘‘এইবোৰ তথ্য আয়োগক জমা দিছো । হীৰেন গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰুজু কৰা গোচৰৰ শুনানী ২৫ জুলাইত উচ্চ ন্যায়ালয়ত হ'ব । এই শুনানীলৈ আয়োগক ৰ’বলৈ অনুৰোধ কৰিছো ।’’
ভূপেন বৰাই লগতে কয় যে আয়োগে আমাৰ সম্মুখত দিল্লীত লগ কৰিব নোৱাৰাৰ বাবে দুখ কৰিছো । আয়োগে এন আৰ চি (NRC) বিষয়টো এৰাই চলিছে । উচ্চতম ন্যায়ালয়ত চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰখাৰ বন্ধ ৰাখিব দাবী কৰিছো ।
লগতে পঢ়ক: Constituency Delimitation: নিৰ্বাচনী আয়োগৰ শুনানিত কংগ্ৰেছৰ কেইবাজনো বিধায়কে দাখিল কৰিলে ওজৰ-আপত্তি