বিজেপিৰ বিৰুদ্ধে সাজু কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া সৈনিক; ৰচনা হ’ল ৰণকৌশল - অসম প্ৰদেশ কংগ্ৰেছ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 10:06 PM IST

গুৱাহাটী,‌ ২৩ ডিচেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছ’চিয়েল মিডিয়াত বিশেষ গুৰুত্ব দিছে কংগ্ৰেছে ৷ বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ এখন সভা অনুষ্ঠিত হয় । সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ছ’চিয়েল মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক সায়ন্তনি ৰয় উপস্থিত থাকে ।

সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ছ’চিয়েল মিডিয়া বিভাগৰ বিভিন্ন ৰণকৌশল আলোচনা কৰা হয় । ‌সভাৰ শেষত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰে ৷ কলিতাই কয় যে বি জে পি নেতৃত্বাধীন চৰকাৰে দেশত গণতন্ত্ৰ ধ্বংস কৰিবলৈ লৈছে ।

সংসদত গাৰ বলেৰে শাসকীয় পক্ষই শতাধিক বিৰোধী সাংসদক নিলম্বন কৰি গণতন্ত্ৰক ভৰিৰে মোহাৰিছে । বি জে পি চৰকাৰৰ এই অগণতান্ত্ৰিক কাম-কাজ আৰু স্বৈৰাচাৰীতাক কংগ্ৰেছ দলে শক্তিশালী মাধ্যম ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ নিয়াৰ পৰিকল্পনা কৰিছে । তাৰ‌ বাবে আজি ৰণকৌশল প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক: বিৰোধীসকল ভেকুলীৰ দৰে, নিৰ্বাচনৰ সময়ত টোৰটোৰায় : ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.