ৰাইজৰ কথা শুনি লোভ বাঢ়িছে ভূপেন বৰাৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:21 PM IST

thumbnail

নগাঁও, 18 নৱেম্বৰ : শনিবাৰে হোজাই জিলাৰ ডবকাত কংগ্ৰেছৰ দলীয় কৰ্মীৰ এক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ সভাৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা বৰা ৷ এই ক্ষেত্ৰত তেওঁ কয় , ‘‘ইছলাম ধৰ্মাৱলম্বী ভাৰতীয় লোকসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই অশোভনীয় মন্তব্য কৰি আহিছে ৷ আৰ এছ এছৰ এজন কোনো নেতাই এনে মন্তব্য কৰিলে ক’ব লগা নাছিল ৷ কিন্তু সংবিধানৰ শপত খাই, মুখ্যমন্ত্ৰী পদত থাকি, ইছলাম ধৰ্মাৱলম্বী ভাৰতীয় লোকক তুচ্ছ-তাচ্ছিল্য কৰিছে ৷ সেয়ে আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব ৷

আনহাতে কাজিৰঙা সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, ‘‘মোক কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ কৈ আছে হোজাইবাসীয়ে ৷ ধন নালাগে মাত্ৰ মই কাজিৰঙাৰ পৰা নিৰ্বাচন খেলিব লাগে ৷ 1 লাখ ভোটত মোক জিকাম বুলিও তেওঁলোকে কৈছে ৷ তেওঁলোকৰ কথা শুনি মোৰ লোভে লাগিছে ৷’’

লগতে পঢ়ক:শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে পত্নীয়ে, সংকটজনক অৱস্থাত চিকিৎসালয়ত স্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.