Protest at chachal:অনুসূচিত জাতিক লৈ কৰা ৰাজনীতিৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ - Protest at chachal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-08-2023/640-480-19328620-thumbnail-16x9-chachal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 22, 2023, 4:31 PM IST
গুৱাহাটী, ২২ আগষ্ট : নায্য প্ৰাপ্তিৰ দাবীত চচলত পুনৰ প্ৰতিবাদত বহিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,অসম । অনুসূচিত জাতিৰ ছাত্ৰৰ জলপানিৰ পৰিমাণ ১০০% বৃদ্ধি নিয়মীয়াকৈ আদায় দিয়া, বিসংগতিপূৰ্ণ মিছন ভূমিপত্ৰ আঁচনি শীঘ্ৰেই বাতিল কৰা, অনুসূচিত জাতিৰ বেকলগ পদ পূৰণৰ বাবে শীঘ্ৰেই বিশেষ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চলা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি ৰুবুল দাসে কয় যে, মিঞাৰ লগত সন্মুখ সমৰত যুঁজিবলৈ এৰি দিয়া অনুসূচিত জাতিৰ সৈতে ডাবল ইঞ্জিন বি জে পি চৰকাৰখনে চৰম প্ৰতাৰণা কৰিছে । অনুসূচিত জাতিৰ সমস্যাসমূহ এটা এটাকৈ তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰি ক্ষোভ উজাৰে ৷ ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি প্ৰদান কৰি যুৱ ছাত্ৰ পৰিষদ অসমে জনজাতিৰ পদোন্নতিত সংৰক্ষণ আইন অনুযায়ী জ্যেষ্ঠতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা, বিসংগতি পূৰ্ণ মিছন ভূমিপুত্ৰ আঁচনি বাতিল কৰা, বেকলগ পদ পূৰণ আৰু ছাত্ৰৰ জলপানি নিয়মীয়াকৰণৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Protest against NPS : নতুন পেন্সন নীতিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ