Anti-drug awareness rally: চাবুৱাত ড্ৰাগছ বিৰোধী সজাগতা ৰেলী - Drugs seized in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 9:14 PM IST

ডিব্ৰুগড়,২৬ ছেপ্টেম্বৰ: ডিব্ৰুগড়ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত আছে যদিও জিলাখনত ড্ৰাগছ সৰবৰাহ সম্পূ্ৰ্ণৰূপে বন্ধ হোৱা নাই । প্ৰতিদিনে জিলাখনৰ বিভিন্ন থানা এলেকাত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী আটক হৈ আছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ কাষৰীয়া তিনিচুকীয়া জিলাত এইচ. আই. ভি পজিটিভ ৰোগী ক্ৰমাৎ বৃদ্ধি পোৱাত তিনিচুকীয়াৰ সীমাত অৱস্থিত অঞ্চলসমূহৰ ৰাইজ অধিক চিন্তিত হৈ পৰিছে । 

তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ পানীতোলাৰ বৰুৱাহোলা গাওঁখনক এইচ. আই. ভি.কেন্দ্ৰস্থল হিচাপে চিনাক্ত কৰি ঘোষণা কৰাৰ পিছত স্থানীয় সমীপৱৰ্তী গাঁওসমূহক সজাগ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ অবাধ গতিত মাৰাত্মক ড্ৰাগচৰ দ্বাৰা এইচ. আই. ভি. সংক্ৰমণ হোৱা বুলি নিশ্চিত হোৱাৰ পাছতে চাবুৱাত যোৱা দুদিন ধৰি কেইবা শতাধিক মহিলা, পুৰুষ আৰু যুৱক ওলাই আহি সজাগতাৰ বাবে সমদলৰ জৰিয়তে কেইবাখনো গাঁও পৰিভ্ৰমণ কৰে  ৷  

চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান যুৱক সংঘ, মটক মহিলা পৰিষদ আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ উদ্যোগত শতাধিক মহিলা আৰু পুৰুষে বালিজান গাঁও, নাহৰণি গাঁও, বামচুমনি, বৰুৱাহোলা, পানীমোদী আদি গাওঁত ড্ৰাগছ বিৰোধী বিভিন্ন শ্ল'গান লিখি প্লে কাৰ্ড লৈ সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ উপৰি কেইবা ঠাইত পথত সভা পাতি গ্ৰাম্যাঞ্চলৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: Crime report in Guwahati: মহানগৰীত অপৰাধজনিত ঘটনাৰ শীৰ্ষত চুৰিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.