Annual Than Seva Festival: মায়ামৰা আজলী আই থানৰ বাৰ্ষিক থান সেৱা উৎসৱৰ আয়োজন - preparation of annual festival

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 21, 2023, 6:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

মায়ামৰা আজলী আই (বা ভগা) থানৰ বাৰ্ষিক থান সেৱা উৎসৱ দেওবাৰে অনুষ্ঠিত হ'ব (Mayamara Aajali Aayi Than)। আয়োজকসকলে মাজুলীৰ লগতে অসমৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে । কাইলৈ মাঘৰ প্ৰথমটো দেওবাৰ । প্রতি বছৰৰ মাঘৰ প্ৰথমটো দেওবাৰে পুৱাৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মায়ামৰা আজলী আই (বা ভগা) থান । কাইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই সেৱা আগবঢ়াব এই মায়ামৰা আজলী আই (বা ভগা) থানত (Annual Than Seva Festival in Majuli)।

উল্লেখ্য যে শংকৰদেৱৰ নুমলীয়া জী আছিল এইখন আজলী আই থানত । অনিৰুদ্ধ দেৱৰ মাতৃ এই আজলী আয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাঁহৰ পাতি আছিল । ইয়াতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল । আজলী আয়ে শেষ নিশ্বাস কৰা দিনটোত আজলী আইক সুঁৱৰি মায়ামৰা আজলী আই থানত বাৰ্ষিক নাম কীৰ্ত্তন কৰে অনুষ্ঠিত কৰে মোৱামৰীয়া সম্প্ৰদায়ৰ লোকসকলে । এই অনুষ্ঠানটো প্ৰথম অৱস্থাত মায়ামৰা সাম্প্ৰদায়ৰ মাজতে সীমিত আছিল । প্ৰথমতে হাবিৰ মাজত আছিল এই আজলী আই (বা ভগা) থান । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ অৱদান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত থানখনৰ কিছু উন্নতি হয় । শেহতীয়াকৈ অসম চৰকাৰে আৰ্থিক সহায় আগবঢ়োৱাত থানখনে আজিৰ এই পৰ্যায়ত উপনীত হৈছে ।  

উল্লেখ্য় যে আজলি আই থান (বা ভগা) মাজুলীৰ মধ্যভাগৰ শেনচোৱা অঞ্চলত অৱস্থিত । মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে আজলি আই থান (বা ভগা) থানক পৱিত্ৰ তীৰ্থস্থান হিচাপে গণ্য় কৰি আহিছে । ১৬০৭ চনত (১৫২৯ শক) স্থাপিত হৈছিল এই থানখন । স্থানীয় মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে এই থানৰ নামঘৰত চাকি-বন্তি জ্বলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি ৰাখে । মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰীশ্ৰী অনিৰূদ্ধদেৱৰ জন্ম-মৃত্যু বাৰ্ষিকী এই স্থানত অনুষ্ঠিত হৈ আহিছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.