thumbnail

Ankia Bhaona Samaroh: মৰিগাঁৱত অংকীয়া ভাওনা সমাৰোহ; দৰ্শকে গেজেপ মাৰি ধৰিছে ভাওনাথলী

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 11:05 PM IST

মৰিগাঁও, 27 অক্টোবৰ: শুকুৰবাৰৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গুৰুজনাৰ অনবদ্য সৃষ্টি অংকীয়া নাট সমাৰোহ । মৰিগাঁও বিহুতলীৰ প্ৰয়াত অতুল চন্দ্ৰ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত এই সমাৰোহ শুকুৰবাৰে সন্ধ্যা উদ্বোধন কৰে মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড৹ বুলি গগৈ ভূঞাই । প্ৰথম সন্ধ্যাত ক্ৰমে ৰামবিজয় আৰু কেলিগোপাল নাট দুখনি মঞ্চায়ন কৰে । 

আগন্তুক শনি আৰু ৰবিবাৰলৈ চলিব লগা এই তিনিদিনীয়া অংকীয়া নাট সমাৰোহত ক্ৰমে ৰুক্মিণী হৰণ, পাৰিজাত হৰণকে ধৰি ছখন নাট প্ৰদৰ্শন হ’ব । এই অংকীয়া নাট সমাৰোহৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত গুৰুজনা সৃষ্টি অংকীয়া নাটক বিশুদ্ধ ৰূপত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰ ৰাখিছে । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অংকীয়া নাট উপভোগ কৰিবলৈ ভালেমান দৰ্শক মৰিগাঁও বিহুতলীৰ প্ৰয়াত অতুল চন্দ্ৰ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত সমবেত হয় ।

লগতে পঢ়ক: Sobansiri Hydroelectric Project : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এজেপি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.