Anjan Nath Murder case: ত্ৰিকোণ প্ৰেমৰ পৰিণতিত হত্যাৰ বলি হ’ল অঞ্জন ! - মহানগৰ আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:09 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ : সময় বাগৰাৰ লগে লগে ইটোৰ পিচত সিটোকৈ তথ্য পোহৰলৈ আহিছে অঞ্জন নাথ হত্যাকাণ্ডৰ ৷ সৌৰভ গোৱেংকা আৰু গীতাশ্ৰী সিনহাৰ প্ৰেমক মান্যতা দিবলৈ অঞ্জন নাথক গীতাশ্ৰীৰ জীৱনৰ পৰা আঁতৰাবলৈ বেজৰ সহায় লৈছিল গীতাশ্ৰীৰ পৰিয়ালে । 

উল্লেখ্য যে, অঞ্জন নাথৰ হত্যাকাৰী সৌৰভ গোৱেংকা আৰক্ষীৰ জালত পৰাৰ পিচতেই সলনি হৈছে সমগ্ৰ ঘটনাৰ দৃশ্যপট ৷ গীতাশ্ৰী সিনহা আৰু সৌৰভ গোৱেংকাৰ প্ৰেমৰ কথা বহুদিনৰ পৰা গম পাইছিল গীতাশ্ৰীৰ পৰিয়ালে। পৰিয়ালৰ লগত অহা যোৱাও আছিল সৌৰভৰ । কিন্তু তেতিয়ালৈ অঞ্জনৰ পত্নী আছিল গীতাশ্ৰী ৷

প্ৰায় ডেৰ মাহ পূৰ্বে গীতাশ্ৰী সিনহাৰ পৰিয়াল আৰু সৌৰভ গোৱেংকাই লগ হৈ অঞ্জন নাথক গীতাশ্ৰীৰ জীৱনৰ পৰা আঁতৰাবলৈ এগৰাকী বেজৰ সহায়ত অঞ্জনক প্ৰথমে ঔষধ খুৱাইছিল । কিন্তু ঔষধৰ কাম সম্পন্ন নৌহওঁতেই অধৈৰ্য হৈ সৌৰভ গোৱেংকাই হত্যা কৰিছিল অঞ্জন নাথক। 

এই সমগ্ৰ ঘটনাৰ পিচতে দেওবাৰে নিশা মহানগৰ আৰক্ষীয়ে অঞ্জন নাথক গুলীয়াই হত্যা কৰা ঘটনাৰ লগত জড়িত অঞ্জন নাথৰ পত্নী, পিতৃ আৰু মাতৃক গ্ৰেপ্তাৰ কৰিছিল। গুলীচালনাৰ ঘটনাৰ লগত জড়িত তিনিজন আৰু গীতাশ্ৰী সিনহাৰ পিতৃক নিশা বশিষ্ঠ আৰক্ষী থানাত ৰাখি জেৰা চলাইছিল। আনহাতে গীতাশ্ৰী সিনহা আৰু মাতৃক ৰখা হৈছিল পানবজাৰৰ মহিলা আৰক্ষী থানাত। ইয়াৰ পিচতে সোমবাৰে দিনৰ ভাগত দুয়োকে লৈ অহা হয় বশিষ্ঠ থানালৈ। উল্লেখ্য যে, শেহতীয়াকৈ গীতাশ্ৰী সিনহাৰ ভগ্নীকো বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে ৷ 

লগতে পঢ়ক: Guwahati Murder: পত্নীৰ শাৰীৰিক তথা মানসিক অত্য়াচাৰৰ বলি হৈছিল অঞ্জন, ভাতৃৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.